নমস্কাৰ!
North East Disabled Development Society চমুকৈ NEDDS ৰ আৰম্ভণি হৈছিল ২০০০ চনত….
কেইগৰাকীমান দূৰদৰ্শী, কিন্তু শাৰীৰিকভাৱে অক্ষম ব্যক্তিয়ে সমাজত উপেক্ষিত হৈ থকা দিব্যাংগ লোকসকলৰ উন্নতিৰ বাবে অশেষ প্ৰচেষ্টাৰে এই সংস্থাটো স্থাপন কৰিছিল।
বিগত ২৫ বছৰ ধৰি আমি দিব্যাংগ লোকসকলৰ মাজত Wheelchair, tricycle বা hearing aids আদি বিতৰণ কৰি আহিছো
তাৰোপৰি আমি নানান সজাগতা শিবিৰ, দক্ষতা বিকাশৰ প্ৰশিক্ষণ, মহিলা আৰু শিশু কল্যাণ, স্বাস্থ্য সেৱা, পৰিৱেশ ৰক্ষা আৰু সমাজৰ পিছপৰা দুখীয়া লোকসকলৰ সহায়ৰ বাবে নানান কাৰ্যসূচী হাতত লৈ আহিছোঁ।
এইবেলি আমি Infotech Assam আৰু The Assam Scholar ৰ সহযোগত এক সদৌ অসম ভিত্তিত প্ৰতিভা সন্ধানী পৰীক্ষা আয়োজন কৰিছো । এই পৰীক্ষা সম্পুৰ্ন Online হ’ব আৰু ১ জুন ২০২৫ তাৰিখৰ পৰা আমাৰ Official Website (www.nedds.org) ত Online Form fill-up আৰম্ভ হ’ব । পৰীক্ষা দুটা Group ত অনুষ্ঠিত হ’ব
- Group A- From class vi to class viii
- Group B- From Class ix and Class X
Exam Fee: 99/-
স্থান লাভ কৰা ছাত্ৰ-ছাত্ৰীৰে এককালীন বিত্তি, শিক্ষামূলক ভ্ৰমণ আৰু Career Guidance Programme
- সকলো অংশগ্ৰহণকাৰী এবছৰৰ বাবে The Assam Scholar app বিনামূলীয়াকৈ ব্যৱহাৰ কৰিব পাৰিব
- প্ৰতি মাহে বিনামূলীয়া GK আৰু Current Affairs e-Book
- সকলোৰে বাবে বিনামূলীয়া টিউচন
- অংশগ্ৰহণৰ প্ৰমাণপত্ৰ (Certificate)
- সকলো অংশগ্ৰহণকাৰীয়ে অনলাইন মানসিক স্বাস্থ্য সচেতনতা আৰু ছাত্র-অনুকূল পৰামৰ্শ (counseling), ধ্যান আৰু স্বাস্থ্য আৰু সুস্থতা সম্পৰ্কীয় কাৰ্যসূচীত অংশ লোৱাৰ সুবিধা পাব।
Syllabus:
- Assam History
- Assam Geography
- General Knowledge
- General English
- Mathematics
এই প্ৰতিভা সন্ধানী পৰিক্ষা আয়োজন কৰি আমি অসমৰ বিভিন্ন প্ৰান্তৰ লুপ্ত প্ৰতিভা সমুহক এক নতুন সুযোগ দিয়া চেষ্টা কৰিম যিয়ে ছাত্ৰ ছাত্ৰী সকলক বিভিন্ন Competetive Exam সমুহৰ বাবে যঠেষ্ট সহায় কৰিব ।
তদুপৰি এই পৰীক্ষা অনুষ্ঠিত কৰাৰ আমাৰ মূল উদ্দেশ্য হৈছে এই পৰীক্ষাৰ পৰা আহৰণ কৰা সমগ্ৰ ধন শাৰীৰিকভাৱে অক্ষম লোকসকলৰ কল্যাণ তথা অসমৰ দৰিদ্ৰ ছাত্ৰ-ছাত্ৰীক আৰ্থিক সাহায্য প্ৰদান কৰাত ব্যবহাৰ কৰা হ’ব…..
আমাৰ এই যাত্ৰাত আপুনিও সহযোগী হওক! আহক, একেলগে মিলি এক সুন্দৰ পৃথিবী গঢ়ি তোলোঁ।


